ডিব্ৰুগড়ঃ কৃষক নেতা অখিল গগৈক চৰকাৰে পুনৰ গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত শনিবাৰে চাবুৱাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ চাবুৱা টাউনত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ শনিবাৰে পুৱাই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অখিল গগৈক গ্ৰেপ্তাৰ কৰি এটি কনভয় যোগে গোৱালপাৰালৈ নিয়াৰ পিছৰে পৰা ডিব্ৰুগড় উত্তাল কৰি ৰখাৰ সময়তে দুপৰীয়া চাবুৱাত সংসগঠন দুটাই প্ৰতিবাদ সাব্যস্ত কৰি অখিলক শীঘ্ৰে মুকলি কৰাৰ দাবী জনায়৷
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি আকাশ, বতাহ কপাই চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ৰাইজ৷ প্ৰতিবাদকাৰীসকলে সৰ্বানন্দ সোণোৱাল চৰকাৰক সাৱধান হোৱাৰ লগতে সৎ হওক আৰু ৰাইজৰ পক্ষত কাম কৰাৰ আহ্বান জনায়৷ নহ’লে ৰাইজে এদিন গাদীৰ পৰা খেদিব বুলি কৈ কৃষক মুক্তিৰ নেতা অখিলক বাৰে বাৰে আটক কৰিলেও ৰাইজৰ আগ্ৰহ কৃষক মুক্তিৰ প্ৰতি লাহে লাহে বৃদ্ধি হৈছে বুলি কয়৷