Home ৰাজ্যজাতীয় নায়ক সৰ্বানন্দই মোডীৰ নিৰ্দেশত উঠা বহা কৰে

জাতীয় নায়ক সৰ্বানন্দই মোডীৰ নিৰ্দেশত উঠা বহা কৰে

by News Desk
61 views
A+A-
Reset

ৰঙিয়াঃ শাসনত থকা বিজেপি এটা নীতিহীন দল। নিৰ্বাচনৰ সময়ত ভাৰতবৰ্ষৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা দল বিজেপি। এইদলত যোগ্য ব্যক্তিৰ অভাব। দলটোৱে অসমত কংগ্ৰেছ দলৰপৰা মানুহ ধাৰ কৰি বিত্ত মন্ত্ৰী পাতিব লগা হৈছে। শনিবাৰে ৰঙিয়াত অনুষ্ঠিত হোৱা চিপিআইএম দলৰ কামৰূপ জিলা সন্মিলনত উপস্থিত থাকি দলটোৰ ৰাজ্যিক সমিতিৰ সম্পাদক মণ্ডলিৰ সদস্য তথা সাপ্তাহিক গণশক্তিৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে এই মন্তব্য আগবঢ়ায়৷

সুপ্ৰকাশ তালুকদাৰে বিজেপিক তীব্ৰ সমালোচনা কৰি কোনেওঁ কেতিয়াও ধৰ্মক ব্যৱহাৰ কৰি শাসনৰ গাদিত নবহে বুলি কয়। এইখন চৰকাৰে ধৰ্মক দোহাই দি শাসনৰ গাদীত অহাৰ পিছতে কংগ্ৰেছ দলৰ কৌশল অৱলম্বন কৰি হিন্দু বাংলাদেশীৰ নামত ৰাজনীতি কৰা আৰম্ভ কৰিছে৷ যি ধৰণে কংগ্ৰেছ দলে মুছলমানক লৈ বছৰ বছৰ ধৰি ৰাজনীতি কৰি আহিছে। মুঠৰ ওপৰত সাপ্ৰদায়িক বিষয়টো বাদ দিলে এই দুয়োটা দল এক বুলি মন্তব্য আগবড়ায় মাক্সবাদী নেতাজনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0