বঢ়মপুৰঃ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ প্ৰশ্নই চিন্তিত কৰিছে নগাঁও জিলাৰ চামগুৰিৰ ৰাইজক৷ জীৱন আৰু সম্পত্তিক লহৰা দি শৰালিৰ ৬ মাহ যেন নিদ্ৰাহৰণ কৰে নগাঁও জিলাৰ চামগুৰিৰ লোকসকলৰ৷ প্ৰতিটো নিশাই হাতীৰ জাকে জনাঞ্চলত প্ৰবেশ কৰি তাণ্ডৱ চলোৱাৰ ফলত জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ চিন্তাত দিন পাৰ কৰিব লগা হৈছে আবাল, বৃদ্ধ বনিতাই৷
বছৰ বছৰ ধৰি পাহাৰৰ পৰা ওলাই অহা হাতীৰ জাকে অঞ্চলটোত বিস্তৰ ক্ষতি কৰি আহিছে যদিও বন বিভাগ তথা চৰকাৰে থলুৱা অসমীয়াৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰ তথা নগাঁও প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়৷