দিচাংমুখঃ যিসময়ত সমগ্ৰ দেশজুৰি স্বচ্ছ ভাৰত অভিযানক লৈ ব্যাপক প্ৰচাৰ চলাই থকা হৈছে সেই সময়তে শিৱসাগৰ পৌৰসভাৰ গুৰুত্বহীনতাৰ বাবেই চহৰখনৰ লাচিত উদ্যান খন জাবৰ-জোথৰৰে ভৰি পৰিছে। তাৰ পিছতো অসমৰ বীৰ লাচিত বৰফুকনৰ উদ্যানৰ ফালে চকু পৰা নাই পৌৰসভাৰ কৰ্তৃপক্ষৰ।
আনহাতে একাংশ লোকে উদ্যানৰ দেৱালখন প্ৰস্ৰাৱগাৰ হিচাপে ব্যৱহাৰ কৰি অহাত সচেতন নাগৰিকে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইফালে ৰাজ্যজুৰি পৌৰসভাৰ স্বচ্ছ সৰ্বেক্ষন চলি থকাৰ সময়তে লাচিত উদ্যানৰ অস্বাস্থকৰ পৰিৱেশে কি স্বচ্ছ কৰিব তাক লৈ শংকিত হৈ পৰিছে ৰাইজ ৷ এই ক্ষেত্রত জাতীয় সংগঠনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ নকৰিলে শৰাইঘাটৰ ৰণৰ দেশৰ গৌৰৱৰ প্রতীক আৰু দেশৰ শৌৰ্য নোহোৱা হ’ব।