টীয়কঃ গাঞ্জা, সুৰা, ড্ৰাগছৰ অবাধ প্ৰচলনে ৰাজ্যৰ সচেতন নাগৰিকসকল চিন্তিত হৈ পৰিছে৷ বৰবিহ স্বৰূপ গাঞ্জা, সুৰা, ড্ৰাগছৰ অবাধ প্ৰচলনে যুৱ প্ৰজন্মক তিলিতিলকৈ ধ্বংসৰ দিশে আগবঢ়াই নিছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাৰ টীয়কতো মাদক দ্ৰব্যৰ অবাধ প্ৰচলন হৈ থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷
নিচাযুক্ত দ্ৰব্যই সমাজত বিৰূপ প্ৰভাৱ পেলোৱাত সজাগতা সৃষ্টিৰ লক্ষ্যৰে শনিবাৰে যোৰহাট জিলাৰ টীয়কৰ বৰাবজাৰ প্ৰাংগণত ‘চেলেংহাট হেল্থ ক্লাব’ৰ সৌজন্যত আৰু শৰীৰ চৰ্চাবিদ তুষাৰ পালৰ প্ৰচেষ্টাত “ঘাতক” নামৰ আঠ মিনিট চাৰি ছেকেণ্ডৰ এখন চুটি ছবিৰ মুক্তি দিয়া হয়।