গৌৰীসাগৰঃ ৬ বছৰীয়া অসম আন্দোলনৰ স্মৃতি অসমীয়া জাতীয়ে কেতিয়াও পাহৰিব নোৱাৰে৷ অসমীয়াই পাহৰিব নোৱাৰে সেই স্মৃতিবোৰ৷ বিদেশী মুক্ত অসম গঢ়াৰ লক্ষ্যৰে অসমৰ ডেকাই জপিয়াই পৰিছিল এই আন্দোলনত৷ অসমীয়া ডেকাই আৰক্ষীৰ বন্দুকৰ গুলী, লাঠীৰ কোব সহ্য কৰিব লগা হৈছিল অসমী আইৰ স্বাৰ্থত৷ ৮৫৫ গৰাকী অসমৰ তেজাল যুৱক শ্বহীদ হৈছিল৷
বহু যুৱক ঘূনীয়া হৈছিল৷ ৬ বছৰীয়া স্মৃতি ৰোমন্থন কৰাৰ বাবে মহামিলনৰ ঐতিহ্যক্ষেত্র ঐতিহাসিক দিখৌমুখত মিলিত হ’ল ৮০ দশকৰ ছাত্র সংগঠনৰ নেতাসকল৷ অসম আন্দোলনত জপিয়াই পৰি নিজ মাতৃভূমিক ৰক্ষা কৰিবলৈ ওলাই অহা লুইতপৰীয়া ডেকাই অতীতৰ স্মৃতি ৰোমন্থন কৰিবলৈ দেওবাৰে শিৱসাগৰ জিলাৰ শ’ৰাগুৰি চাপৰিৰ দিখৌ দৰিকাৰ ব্রহ্মপুত্রৰ পাৰত একত্ৰিত হয়৷