62
কোকিলাঃ বঙাইগাঁৱৰ মাণিকপুৰৰ ৫নং বাশবাৰীত দেওবাৰে অগ্নিকাণ্ড সংঘটিত হৈ এটি পৰিয়ালৰ ঘৰ-দোৱাৰ সম্পূৰ্ণ জাহ যায়৷ জানিব পৰা মতে, ৫নং বাশবাৰীৰ বাহাৰ আলী নামৰ লোকজনৰ ঘৰত ভয়াবহ অগ্নিকাণ্ডৰ সুত্ৰপাত হয়।
লগে লগে গাঁৱৰ একাংশ লোকে জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও জুই নিমুৱাত ব্যৰ্থ হয়৷ ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক কবৰ দিয়ে যদিও বহু পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হয়৷