ঢেকীয়াজুলিঃ এনআৰচিৰ খচৰা প্ৰকাশৰ পূৰ্বে ৰাজ্য যাতে কোনো অসুস্থ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে কাম কৰি থকা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ প্ৰশাসনেও অব্যাহত ৰাখিছে এই চেষ্টা৷
৩১ ডিচেম্বৰত নাগৰীক পঞ্জী উন্নীতকৰণৰ খচৰা খন প্ৰকাশ পাব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এন আৰ চিৰ খচৰা প্ৰকাশৰ কাম দ্ৰুত গতিত আগবাঢ়িছে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি, ঠেলামৰা আদি ৰাজহ চক্ৰ এলেকাত৷ তাৰ মাজতে দেওবাৰে ঠেলামৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লক্ষ্যজ্যোতি দাসৰ উপস্থিতিত ঠেলামৰা আৰক্ষী থানাত এখন এন আৰ চি বিষয়ক সভা অনুষ্ঠিত হয়৷