বিহালীঃ যোৱা ২০ জুলাইৰ পৰা তলা ওলমি আছিল এখন চাহ বাগিচাত৷ বাগিচা খনত তলা ওলমাৰ পিছৰে পৰা অসহায় হৈ পৰিছিল শ্ৰমিকসকল৷ শ্ৰমিকৰ পৰিয়ালে এসাজ ভাতৰ বাবে হাহাকৰ কৰি দিন পাৰ কৰিছিল৷ শ্ৰমিকসকলৰ সন্তানে পঢ়া-শুনা এৰিব লগা হৈছিল৷ দৰিদ্ৰ, খাটিখোৱা শ্ৰমিকসকলে চাহ বাগিচাৰ মালিকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাত বাগিচাত তলা ওলোমাই দিয়ে৷
দেহৰ ঘাম মাটিত পেলাই অৰ্থ উপাৰ্জন কৰা শ্ৰমিকসকলে কৰ্মহীন হৈ পৰাত ককবকাব লগা হয়৷ দৰিদ্ৰ শ্ৰমিকসকলে বাগিচাৰ তলা খুলি দিয়াৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ নিতৌ প্ৰতিবাদ সাব্যস্ত কৰাত চৰকাৰে বে-আইনী ভাবে বন্ধ কৰা বৰগাঁও বাগিচাৰ লক-আউট প্ৰত্যাহাৰৰ নিষেধাজ্ঞা জাৰি কৰিছিল৷ শ্ৰমিকসকলে ভাবিছিল ৰাজ্য তথা বিশ্বনাথ জিলা প্ৰশাসনে খুলিব বাগিচাৰ গেটৰ তলা৷