নগাঁওঃ নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তত শৈক্ষিক, সাংস্কৃতিক, আৰ্থ সামাজিক আৰু বৌদ্ধিক বিকাশত পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰি অহা ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈছে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়৷ ১৯৬৬ চনৰ কোনো এক শুভ ক্ষণত কেইবাগৰাকী শিক্ষানুৰাগী আৰু স্থানীয় ৰাইজৰ ঐকান্তিক আৰু আশাশুধীয়া প্ৰচেষ্টাত গঢ়ি উঠা এই শিক্ষানুষ্ঠানখনে শিক্ষাৰ পোহৰ বিলাই ইতিমধ্যে সগৌৰৱে ৫০ বছৰ অতিক্ৰম কৰিলে৷ সেয়ে বিদ্যালয় কৰ্তৃপক্ষই অঞ্চলবাসী ৰাইজৰ সক্ৰীয় সহযোগিতাত ইয়াৰ সোণালী জয়ন্তী উৎসৱটি কাইলৈৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে উদযাপনৰ দিহা কৰিছে ৷
উদযাপন সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ লগতে বিদ্যালয় আৰু উৎসৱস্থলী বেছ আকৰ্ষণীয়কৈ সজাই-পৰাই তুলিছে৷ কাইলৈ পুৱা ৮ বজাত ৫০ গছি বন্তি প্ৰজ্বলনেৰে উৎসৱৰ কাৰ্যসূচীসমূহৰ পাতনি মেলাৰ পিছতে শ্বহীদ তৰ্পণ আৰু ৫০গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা বিদ্যালয় আৰু সোণালী জয়ন্তী সমাৰোহৰ পতাকা উত্তোলন কৰা হ’ব৷ ১০ বজাৰ পৰা স্মৃতি তৰ্পন, প্ৰাক্তন প্ৰধান শিক্ষক প্ৰয়াত ৰবীন্দ্ৰনাথ বায়ন সোঁৱৰণী মূল মণ্ডপ উন্মোচন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত বিয়লি ১ বজাৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰীতি মিলন আৰু সন্ধ্যা ৮ বজাৰ পৰা নাট্যানুষ্ঠান প্ৰদৰ্শিত হ’ব৷