খাৰুপেটীয়াঃ সমাজ খনৰ পৰা ক্ৰম্বান্বয়ে যেন হেৰাই গ’ল মানৱতা৷ একাংশ মানুহে মানৱতা সচাকৈয়ে যেন হেৰাই পেলাইছে৷ হত্যা, হিংসা ধৰ্ষণ, চুৰি ডকাইতিৰ সমানে সমানে ৰাজ্য খনত পানী কেচুৱাক শিয়াল কুকুৰৰ মুখলৈ দলিয়াই দিয়াৰ ঘটনা সংঘটিত হৈ আহিছে৷
ৰাজ্যৰ চৰকাৰে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়। নিজ গৰ্ভত থিতাপি লোৱা সন্তানক শিয়াল কুকুৰৰ মুখলৈ তথা হাবি-জংঘলত দলিয়াই দিব পৰাৰ মৰসাহ কৰ পৰা আহিল সেয়া হে চিন্তাৰ বিষয় হৈ পৰিছে৷ যোৱা ৬ মাহত ৰাজ্য খনৰ বিভিন্ন ঠাইত পানী কেচুৱাৰ মৃতদেহ উদ্ধাৰ হৈছে৷