গুৱাহাটীঃ এইবাৰ অখিল গগৈক নহয়। আপোনাকো জেললৈ পঠিয়াব সৰ্বা চৰকাৰে। পিকনিকত আপুনি সুৰাৰ সোৱাদ ল’লেই হাতে-লোতে ধৰিবহি আৰক্ষী আৰু আবকাৰী বিভাগৰ লোকে। তেওঁলোকৰ চোৰাংচোৱা থাকিব আপোনালোকৰ আশে-পাশে।
সুৰাৰ বটল খোলাৰ লগে লগে আপোনালোকৰ মাজৰ পৰা কোনোবা এজনে পুৰস্কাৰৰ লোভত ফোন কৰিব আৰক্ষীলৈ। আৰক্ষী আহি নতুন সংশোধিত আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি ৬ মাহ আপোনাক জেললৈ পঠিয়াব। লগতে মাতলামি কৰা সকলক ৫০ হাজাৰ টকাৰ জৰিমণা আৰু ৩ বছৰ পৰ্যন্ত ৰঙাঘৰত আৱদ্ধ ৰাখিব।