ৰঙিয়াঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ প্ৰতিদিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, ৰকিবুল হুছেইনে ৰাজ্যৰ বিভিন্ন জিলাত বৰ বৰ সভা অনুষ্ঠিত কৰি আহিছে যদিও প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাৰ গৃহ সমষ্টি ৰঙিয়াত কংগ্ৰেছৰ নেতা কৰ্মীয়ে দূৰে দূৰে ঘুৰি থকা পৰিলক্ষিত হৈছে৷
এখন সভা অনুষ্ঠিত কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ কৰ্মীয়ে৷ প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতাই নেতা-কৰ্মীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিব নোৱাৰাৰ বাবেই দল ধ্বংসৰ দিশে আগবাঢ়িছে বুলি মত ব্যক্ত কৰে একাংশ নেতা-কৰ্মীয়ে৷