কামপুৰঃ বৃহস্পতিবাৰে নগাঁও জিলাৰ কন্দলী পাহাৰৰ আহুতলী বনাঞ্চলত বন বিভাগে অভিযান চলাই এটি হস্তনিৰ্মিত বন্দুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ৰাজ্যত প্ৰতিদিনে গঁড় হত্যা, হাতীৰ মৃত্যু হৈ অহাৰ সময়তে বনবিভাগে অভিযান চলাইকন্দলী পাহাৰৰ আহুতলী বনাঞ্চলত৷
কঠিয়াতলী বন বিষয়াৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন্দুকটো। বন বিভাগে সন্দেহ কৰা মতে আহুতলী বনাঞ্চলত চোৰাং চিকাৰীয়ে থিতাপি লৈ আছিল৷ বন বিভাগৰ লোক অহাৰ উমান লাভ কৰি বন্দুক এৰি চোৰাং চিকাৰী পলায়ণ কৰা বুলি সন্দেহ কৰে বন বিভাগে।