আমগুৰিঃ পৰিৱৰ্তন! আগতে পিয়াজৰ মালা পিন্ধিছিল৷ এতিয়া পিয়াজৰ মালা বনাবলৈ মানুহৰ পইচা নাই৷ এই মন্তব্য কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ৷ আমগুৰিত এখন সংবাদ মেল অনুষ্ঠিত কৰি বৃহস্পতিবাৰে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি মূল্য বৃদ্ধিয়ে মানুহক জুৰুলা কৰা বুলি কৈ ৰন্ধন গেছ, আলু, পিয়াজ আদিৰ মূল্যবৃদ্ধিয়ে আকাশ চুইছে বুলি কয়৷
পঞ্চায়ত নিৰ্বাচনৰ বাবে আমগুৰিত সমষ্টিত বাহৰ পাতি থাকি সভা-সমিতি অনুষ্ঠিত কৰি অংকিতাই ব্যাপক প্ৰচাক চলােৱা পৰিলক্ষিত হয়৷ তাৰ মাজতে, বৃহস্পতিবাৰে আমগুৰি সমষ্টিৰ কংগ্ৰছ নেত্ৰী অংকিতা দত্তই জাঁজীৰ নন্দন বন ৰিজৰ্টত এখন সংবাদ মেল অনুষ্ঠিত কৰি পঞ্চায়তে পঞ্চায়তে গৈ ৰাইজে কি বিছাৰিছে মনৰ কথাৰ বুজ লম বুলি কয়৷ বিজেপি, এজিপিৰ মিত্ৰজোঁটৰ চৰকাৰক তীব্ৰ সমালোচনা কৰি দত্তই পৰিৱৰ্তনৰ পৰা পৰিত্ৰান বিচাৰিছে অসমবাসীয়ে আৰু পঞ্চায়ত নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি মত প্ৰকাশ কৰে।