Home ৰাজ্যNRCৰ খচৰা, ভাৰতীয়ৰ নাম বাদ নপৰে, আইন ভংগ নকৰাৰ আহ্বান ৰঙিয়া প্ৰশাসনৰ

NRCৰ খচৰা, ভাৰতীয়ৰ নাম বাদ নপৰে, আইন ভংগ নকৰাৰ আহ্বান ৰঙিয়া প্ৰশাসনৰ

by News Desk
56 views
A+A-
Reset

ৰঙিয়াঃ শুকুৰবাৰে ৰঙিয়া মহকুমাধিপতিৰ কাৰ্যালয় প্ৰাংগনত প্ৰশাসনে NRC সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰে। এনআৰচিৰ খচৰা প্ৰকাশৰ বাবে মাথো কেইটামান ঘন্টা বাকী থকা অৱস্থাত সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নাগৰিকৰ সৈতে আলোচনা কৰে প্ৰশাসনে৷ ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত ৰঙিয়াৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি, ছাত্ৰ সংগঠনৰ প্ৰতিনিধি, জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে।

এন আৰ চিৰ খচৰা প্ৰকাশ সন্দৰ্ভত আৰু পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰা হয়। সভাত উপস্থিত থকা লোকসকলে নিজৰ মতামত দাঙি ধৰাৰ লগতে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনিন্দ্ৰ বৰদলৈয়ে এন আৰ চি সম্পৰ্কত চৰকাৰে দিয়া নিৰ্দেশ সমুহৰ বাখ্যা আগবঢ়ায়। মহকুমাধিপতিগৰাকীয়ে এন আৰ চিত কোনো ভাৰতীয় নাগৰিকৰ নাম বাদ নপৰে বুলি স্পষ্ট কৰে। অহা ৩১ ডিচেম্বৰত প্ৰকাশ পাবলগীয়া প্ৰথমখন খচৰাৰ তালিকাত কোনো ব্যক্তিৰ নাম বাদ পৰিলেও ভয় খোৱাৰ কোনো কাৰণ নাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0