কাজিৰঙাঃ কেন্দ্ৰীয় চৰকাৰে অসমক দিলে ১ লাখ কোটি টকাৰ পেকেজ৷ শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ১ লাখ কোটি টকা দিয়াৰ কথা ঘোষণা কৰে৷ উত্তৰ পূৱ ভ্ৰমণলৈ অহা কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে শুকুৰবাৰে মাজুলীৰ উন্নয়ণৰ ৰূপৰেখা তৈয়াৰ কৰাৰ বাবে মাজুলীত উপস্থিত হয়৷
মাজুলীৰ উন্নয়ণৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰাৰ বাবে পৰ্যবেক্ষণ কৰে মাজুলীক৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে একেলগে মাজুলীৰ পৰা পৱন হংস হেলিকাপ্তাৰ যোগে কাজিৰঙাত উপস্থিত হয় গাডকাৰীয়ে৷