পাঠশালাঃ শনিবাৰে বজালীৰ পহুমাৰা নৈৰ পাৰত বনভোজ খাবলৈ আহি পহুমাৰা নৈত নিৰুদ্দেশ হোৱা ছাত্ৰ জনৰ মৃতদেহ দেওবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰশাসনে৷ বজালীৰ পহুমাৰা চাপৰিত বনভোজ খাবলৈ আহি পহুমাৰা নৈত পিছলি পৰি নিৰুদ্দেশ হৈছিল ১৭ বছৰীয়া অংকুৰ ৰয় নামৰ যুৱকজন।
পাঠশালাৰ ডুমুৰীয়াৰ তথা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল অংকুৰ। সমনীয়াৰ সৈতে শনিবাৰে নৈ খনৰ পাৰত বনভোজৰ আনন্দ উলাহ কৰি থকাৰ সময়তে নৈত পিছলি পৰি লগা লগে ডুব গৈছিল৷ সমনীয়াই চিঞৰ-বাখৰ কৰাত একাংশ লোক আহি উদ্ধাৰৰ চেষ্টা চলাই যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷