চাবুৱাঃ দেশৰ ৰাজধানী নতুন দিল্লীত কিছুদিন পূৰ্বে প্ৰদুষণ তথা কলা ধোৱাই ছানি ধৰাত সমগ্ৰ দিল্লী চহৰখনতে বিভিন্ন বেমাৰ-আজাৰৰ লগতে চহৰবাসীৰ মাজত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছিল৷ তাৰ পিছতে দিল্লী চৰকাৰে ইয়াৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল দিল্লী চৰকাৰে যাতে প্ৰতিবছৰে সন্মুখীন হোৱা প্ৰদুষণৰ পৰা ৰক্ষা পায় ৰাজধানীবাসীয়ে৷ দিল্লীৰ ঘটনাৰ পৰা কিন্তু অলপো শিক্ষা নললে আমাৰ ৰাজ্য চৰকাৰে । কিয়নো এতিয়াও ৰাজ্যখনৰ বিভিন্ন অঞ্চলত গঢ়ি উঠা ইটা ভাটাই অঞ্চলসমূহৰ জনজীৱনলৈ কঢ়িয়াইছে প্ৰচণ্ড ভাবুকি৷
উদাহৰণ স্বৰূপে ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত ১৮ টা ইটা ভাটা ৷ ইটা ভাটাই অঞ্চলবাসীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে। সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই অঞ্চলটোৰ কদমণি, আমগুৰি-পোলোঙা, উদালগুৰি, কপৌহুৱা, বিলঙনী আদি বিভিন্ন অঞ্চলৰ ইটাভাটাসমূহে চুড়ান্ত অন্যায়-অনিয়মেৰে সকলো নীতি-নিয়ম জলাঞ্জলি দি ইটা প্ৰস্তুত কৰি থকাৰ পিছতো জিলা প্ৰশাসনে সকলো দেখিও নেদেখাৰ ভাওঁ ধৰা বিষয়টোৱে অঞ্চলটোত সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।