নগাঁওঃ নগাঁও জিলাৰ হাতীচোং অঞ্চলৰ বীৰ শ্বহীদসকলক দেওবাৰে অঞ্চলটোৰ লোকসকলে স্মৰণ কৰে৷ অসম আন্দোলনত যিসকল অসমৰ উত্তৰ পুৰুষৰ ভৱিষ্যত সুৰক্ষাৰ বাবে উৎসৰ্গা কৰিলে তেওঁলোকক সদৌ অসম ছাত্ৰ সন্থাৰ হাতীচোং আঞ্চলিক সমিতিৰ উদ্যোগত ৰাইজে শ্ৰদ্ধা যাচে৷ হাতীচোং অঞ্চলৰ বীৰ শ্বহীদ নৰেন্দ্ৰ কুমাৰ নাথ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা ছয় বছৰীয়া অসম আন্দোলনৰ জপিয়াই পৰি প্ৰাণ দিয়া লোকসকলক শ্ৰদ্ধা যাচে৷
১৯৮১ চনৰ অবৈধ বিদেশী বহিস্কৰণ আন্দোলনৰ নগাওঁ জিলাৰ ডিমৌত ৰাষ্ট্ৰীয় ঘাই পথ অবৰোধ কাৰ্যসূচীত বলিষ্ঠ নেতৃত্ব লৈ জপিয়াই পৰা হাতীচোঙৰ নৰেন্দ্ৰ কুমাৰ নাথে ৩১ ডিচেম্বৰত মৃত্যুক আকোঁৱালি লব লগা হয়। তেওৰ ৩৮ তম মৃত্যু বাৰ্ষিকি উপলক্ষে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাই ক্ষেত্ৰীগাওঁ গান্ধীজী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত থকা শ্বহীদ বেদীৰ সমীপত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰে৷