নগাঁওঃ পুৰণিক বিদায় আৰু নতুন বছৰক আদৰণি জনোৱাৰ বাবে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাতো এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে৷ জিলাখনৰ প্ৰান্তে প্ৰান্তে বজাৰ-সমাৰ, দোকান-পোহাৰ আদিত ৰাইজৰ সমাগমেৰে মাঘ বিহুৰ উৰুকাৰ দৰে এটি ব্যস্ততামুখৰ পৰিবেশ সৃষ্টি হোৱা দেখা গৈছে৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দৰেও যেন গ্ৰাহকক হতাশ কৰিব পৰা নাই৷ আবেলিৰে পৰা মাছ-মাংস, শাক-পাচলি, মিঠাইৰ দোকানৰ পৰা আৰম্ভ কৰি সুৰাৰ দোকানলৈকে গ্ৰাহকৰ হেতা-ওপৰা লগা দৃশ্যই তাকেই প্ৰমানিত কৰিছে৷ কেউফালে কেৱল আনন্দ-উলাহৰ প্ৰতিচ্ছবি৷ জাতীয় উৎসৱ নতুবা বিভিন্ন জাতীয় অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহন কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰা জিলাখনৰ একাংশই থাৰ্টী ফাৰ্ষ্টৰ নামত বন্ধু-বান্ধৱৰ লগত হৰ্ষ-উল্লাসেৰে ‘পাৰ্টী’ কৰিবলৈ হ’লে পাহৰা নাই৷