খেৰণিঃ নৱ বৰ্ষৰ এদিন পূৰ্বে কাৰ্বি আংলং জিলাত দেওঁবাৰে ২৬খনকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ কাৰ্বি পাহাৰৰ তুমপ্ৰেঙত বন বিভাগৰ অতিথিশালা আৰু উদ্যানৰ চৌহদত ভ্ৰমণকাৰীৰ সুবিধাৰ্থে খাদ্য সম্ভাৰ উপলব্ধ কৰিবলৈ পৰ্যটন বিভাগৰ অধিনত কেফটেৰীয়া নামৰ এখন কেণ্টিনৰ শুভ উদ্বোধন কৰে ৰংহাঙে।
ৰংখাং উন্নয়ন খণ্ডৰ উদ্যোগত ২০১৭-১৮ বিত্তীয় বৰ্ষৰ এমজি এনৰেগা আঁচনিৰ অধিনত পথ, পুখুৰী, বজাৰ গৃহ আদিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বৃহত্তৰ তৰাডুবিত গড়কাপ্তানী পথ-ইংলিছ এল পি স্কুল সংযোগী পেভাৰচ ব্লক পথ নিৰ্মান, বস্ক-বৰঘাট সংযোগী পথ নিৰ্মাণ, বজাৰগৃহ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে।