নলবাৰীঃ বছৰৰ অন্তিমটো দিনত এগৰাকী শিক্ষাবিদক সম্বৰ্ধনা যাচিলে নলবাৰীবাসীয়ে৷ জিলাখনৰ বিশিষ্ট সমাজসেৱক, শিক্ষাবিদ, নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰভাত চন্দ্ৰ শৰ্মাক দেওবাৰে নলবাৰীৰ ৰাইজে ৮৬ সংখ্যক ওপজা দিনত ৰাজহুৱা সম্বৰ্ধনা যাচে।
নলবাৰী মহাবিদ্যালয়ৰ পি জি অডিটৰিয়ামত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিশিষ্ট ব্যক্তি আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত ২৫টাতকৈও অধিক অনুষ্ঠান-প্ৰতিষ্ঠান, ৫০গৰাকী লোকে শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰে। সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই সঞ্চালনা কৰা অনুষ্ঠানত স্পন্দন সাহিত্য গোষ্ঠীৰ উদ্যোগত প্ৰকাশিত ‘প্ৰতিভাপ্ৰাজ্ঞ প্ৰভাত চন্দ্ৰ শৰ্মা, বৰ্ণিল জীৱন গাথা’ শীৰ্ষক অভিনন্দন গ্ৰন্থ খন উন্মোচন কৰে কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ দিলীপ শৰ্মাই।