বোকাজানঃ অহা ১৭ জানুৱাৰীত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস পালন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে কাৰ্বি আংলং জিলাৰ বোকাজানত৷ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ অন্যতম সাংবাদিক সন্থা বোকাজান প্ৰেছ ক্লাৱৰ উদ্যোগত বোকাজান ব্ল’ক বাকৰিত ১৭ জানুৱাৰীত দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে শিল্পী দিৱস পালন কৰিব বুলি জানিব পৰা গৈছে৷
কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব বোকাজান প্ৰেছ ক্লাৱৰ সভাপতি প্ৰকাশ গগৈয়ে আৰু ৮.৩০ বজাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু মাল্যাৰ্পণ অনুষ্ঠানত প্ৰজ্জ্বলক ৰূপে উপস্থিত থাকিব কাৰ্বি আংলং জিলাৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি জয়ছিং টকবিয়ে৷ পুৱা ১১ বজাত কাৰ্বি আংলং জিলাৰ বিশিষ্ট সাংবাদিক, লেখক সঞ্জু বৰাই প্ৰতিযোগিতাৰ মঞ্চ উদ্ধোধন কৰাৰ পাছতেই চিত্ৰাংকন, কবিতা আবৃত্তি, সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ সন্ধ্যা ৬ বজাত বঁটা বিতৰণী, সম্বৰ্ধনা আৰু মুকলি সভা অনুষ্ঠিত হ’ব৷