নগাঁওঃ ২০১৭ বৰ্ষৰ পাৰ হৈ গ’ল যদিও অসমীয়াক দি থৈ গ’ল ইতিহাসৰ সকলোতকৈ ভাল খবৰ৷ বছৰটো পাৰ হোৱাৰ অন্তিমটো দিন ৩১ ডিচেম্বৰৰ মাজনিশা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত ৰাজ্যবাসীৰ বাবে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ আৰু মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই এনআৰচিৰ প্ৰথমখন খচৰা প্ৰকাশ কৰাৰ পিছৰে সোমবাৰে পুৱাৰে পৰা সেৱা কেন্দ্ৰ সমূহত মানুহৰ ভিৰ পৰিলক্ষিত হয়৷ ইয়াৰ ব্যতিক্ৰম নহ’ল নগাঁও জিলাও৷
জিলাখনৰ প্ৰান্তে প্ৰান্তে থকা সেৱা কেন্দ্ৰবোৰত পুৱাৰে পৰা উৎসুক জনতাই প্ৰচণ্ড ভিৰ কৰা দেখা যায়৷ বহু জল্পনা-কল্পনাৰ ওৰ পেলাই প্ৰকাশ পোৱা এন আৰ চিৰ খচৰাত ৰাইজে নিজৰ লগতে পৰিয়ালৰ লোকসকলৰ নাম আছেনে নাই তাক জানিবৰ বাবে সেৱা কেন্দ্ৰবোৰত উবুৰি খাই পৰে ৰাইজ৷ ৰাইজে যাতে নিয়াৰিকৈ নামসমূহ চাব পাৰে তাৰে অৰ্থে জিলা প্ৰশাসনে বিশেষ সতৰ্কতা অৱলম্বন কৰে৷