চাবুৱাঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাই ৰাজ পথত কয়লাৰ গাড়ীৰ পৰা অবৈধ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ডিব্ৰুগড় জিলাত৷ ছাত্ৰ মুক্তিৰ নেতাই কয়লাৰ গাড়ীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰে ডিব্ৰুগড় জিলাৰ চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই৷ আৰক্ষী বিষয়াই ছাত্ৰ মুক্তিৰ নেতাক খোদ এই কথা অৱগত কৰে৷ তাৰ পিছতে এই অভিযোগ খণ্ডন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিযোগৰ উচিত তদন্ত কৰি ঘটনাৰ সৈতে জড়িত লোকক চিনাক্ত কৰিবলৈ দাবী জনায়৷
ইমানে নহয় ঘটনাৰ সৈতে জড়িত লোকক উচিত শাস্তি দিয়াৰ পোষকতা কৰে সংগঠনটোৱে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত এটি চক্ৰই কয়লাৰ কঢ়িওৱা গাড়ীৰ পৰা ধন সংগ্ৰহ কৰি অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ এই অভিযোগ পোনছাটেই নাকচ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিয়ে সংগঠন দুটাক সমাজত হেয় প্ৰতিপন্ন কৰাৰ অপচেষ্টা কৰা বুলি কয়৷