বিহালীঃ সমগ্ৰ বিশ্বত শান্তি কৈনেকৈ আহিব৷ এই চিন্তা চৰ্চা আৰম্ভ কৰিছে বিশ্বৰ বিভিন্ন আগশাৰীৰ সংস্থাই৷ বিভিন্ন কৰ্মশালা, আলোচনা চক্ৰ অনুষ্ঠিত কৰি বিশ্বত শান্তিৰ পথ উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণ, দৰিদ্ৰতা, ঘৰুৱা হিংসা, অবিশ্বাস, হত্যা, ধৰ্ষণ আদিয়ে সমাজ খনত অশান্তিয়ে গা কৰি উঠিছে৷ বিশ্ব শান্তিৰ বাবে যুৱ সমাজৰ কৰণীয় কি? এই ক্ষেত্ৰটো চিন্তা চৰ্চা আৰম্ভ হৈছে৷
তাৰ মাজতে মালেছিয়াত যোৱা ২৭ ডিচেম্বৰত অনুষ্ঠিত হয় বিশ্ব শান্তিৰ যুৱ সন্মিলন৷ এই সন্মিলনত ভাৰত হৈ প্ৰতিনিধিত্ব কৰে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ ছাত্ৰ হিৰণ্য হাজৰিকাই৷ সন্মিলনত হিৰণ্যই একমাত্ৰ ভাৰতীয় প্ৰতিনিধি হিচাপে আমন্ত্ৰণ লাভ কৰিছিল। হিৰণ্যই বিশ্ব শান্তিৰ বাবে যুৱ সমাজৰ কৰণীয়ৰ সন্দৰ্ভত বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰি উপস্থাপন কৰে।