বঢ়মপুৰঃ একাংশ আৰক্ষীৰ লোকে কাকত আলোচনীত নিয়মিত ভাৱে লেখা-মেলা কৰে৷ আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তথা বদনামে চৰ্চা লাভ কৰে যদিও নিয়মিত ভাৱে লেখা-মেলা কৰা আৰক্ষীৰ লোকসকলক বিশেষ স্থান দিয়া দেখা নাযায়৷ দিনৰ দিনটো ৰাইজৰ জীৱন আৰু সুৰক্ষাত নিয়োজিত হৈ থকা আৰক্ষীৰ লোকসকলে ব্যস্ততাৰ মাজতো লিখা পঢ়া কৰা দেখা যায়৷
তাৰ মাজতে অসম আৰক্ষীৰ এগৰাকী মহিলা আৰক্ষীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সন্মান লাভ কৰে৷ নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ মহিলা জোৱান মিনাক্ষী বৰদলৈক দিল্লীৰ ৰাজেন্দ্ৰ ভৱনত অনুষ্ঠিত সাহিত্যৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান কৰে৷ বাবু জগজীৱন ৰাম কলা-সংস্কতি আৰু সাহিত্য একাডেমীয়ে অনুষ্ঠিত কৰা বিশেষ সাহিত্যৰ অনুষ্ঠানত বীৰংগনা বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় পদক প্ৰদান কৰে প্ৰাক্তন লোকসভাৰ অধ্যক্ষ মীৰা কুমাৰে৷