কোকৰাঝাৰঃ এনআৰচিৰ খচৰা তালিকা প্ৰকাশ পোৱাৰ পিছত কোকৰাঝাৰৰ একাংশ জনতাই নিজৰ লগতে পৰিয়াল-আত্মীয় কুটুম্বৰ নাম খচৰা তালিকাত প্ৰকাশ নোপোৱাত হতাশ হোৱাত বৃহস্পতিবাৰে জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱাই এক সংবাদমেলৰ আয়োজন কৰি এই ক্ষেত্ৰত ৰাইজক চিন্তা নকৰিবলৈ আহ্বান জনায়৷
এনআৰচিৰ খচৰা তালিকাত বহু সংখ্যক লোকৰ ঠিকনা সলনি হোৱা, বহু সংখ্যকৰ নাম ভুলকৈ প্ৰকাশ হোৱাৰ উপৰিও বহু লোকৰ নাম প্ৰকাশ নোপোৱাত অসন্তুষ্টিয়ে বিৰাজ কৰাৰ পিছত জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি উপায়ুক্ত নিৰঞ্জন বৰুৱাই একাংশ নথি পত্ৰ পুনৰীক্ষণ কৰি থকা বাবেই কিছু সংখ্যকৰ নাম প্ৰকাশ নোপোৱা বুলি মত প্ৰকাশেৰে প্ৰকৃত ভাৰতীয় কাহানিও বাদ নপৰে বুলি মন্তব্য প্ৰকাশ কৰে।