দলংঘাটঃ দেশৰ প্ৰধানমন্ত্ৰীয়ে সু স্বাস্থ্যৰ বাবে কাঠফুলা খাই বুলি ব্যাপক চৰ্চা হৈছিল সংবাদ মাধ্যমত৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সুস্থ হৈ থাকিবৰ বাবে কাঠফুলা খাই বুলি গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত এটি সাক্ষাৎকাৰত এই কথা কৈছিল৷ সুঠাম শৰীৰ আৰু স্বাস্থ্যৰ বাবে কাঠফুলা তথা মাচৰুম উপযোগী বুলি বিভিন্ন সময়ত চৰ্চাও হৈ আহিছে৷ ক্ৰমান্বয়ে মাচৰুম তথা কাঠফুলাৰ চাহিদাও বৃদ্ধি হ’ব ধৰিছে৷
কাঠফুলাই খালে হেনো মানুহে সকলো ধৰণৰ ৰোগৰ পৰা হাত সাৰিব পাৰি৷ কাঠফুলাৰ উৎপাদন অসমৰ গাঁৱে-ভূঞেওঁ হোৱা দেখা যায়৷ একাংশ শিক্ষিত যুৱক তথা পৰিয়ালে কাঠফুলাৰ উৎপাদনক উপাৰ্জনৰ মাধ্যম হিচাপে লোৱা দেখা গৈছে৷ দৰং জিলাৰ একৰাংশ যুৱকো কাঠফুলা খেতি কৰি স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছে৷ নিজ ঘৰতে অতি কষ্টৰে কাঠফুলা উৎপাদন কৰি বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দিছে৷