চাবুৱাঃ মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত মটক ৰজা স্বৰ্গদেউ ভগীৰথ গোহাঁই সোঁৱৰণী প্ৰথম বাৰ্ষিক দিবা-নৈশ টেনিচ বল প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতা বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয়। চাবুৱা আঞ্চলিক মটক যুৱ-ছাত্ৰ সল্মিলনৰ উদ্যোগত আৰু হাতীআলি, ৰহমৰীয়া, পুলুঙা , চেতিয়াপথাৰ বটালিখাত, ডিকম, দিনজয়, বগডুং আঞ্চলিক সমিতিৰ সহযোগত সদৌ অসম ভিত্তিত বৃহস্পতিবাৰে শুভাৰম্ভ কৰা হয়৷
চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ সমীপত ইয়ং ব্লু ক্লাৱ খেলপথাৰত পুৱা ৯ বজাত মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ পৰিবেশ আৰু পৰ্যটন বিভাগৰ সম্পাদক তৰুণ ফুকনৰ লগতে ৮ খন আঞ্চলিক সমিতিৰ সভাপতিয়ে পতাকা উত্তোলন কৰে৷