বঢ়মপুৰঃ মাঘ বিহুলৈ মাজত মাথো কেইটামান দিন থকা অৱস্থাত নগাঁৱত শ্ৰমিকে দৰমহা বিছাৰি প্ৰতিবাদ কৰিব লগা হৈছে৷ কপালৰ ঘাম মাটিত পেলাই কাম কৰা কাম কৰি দৰমহা আদায় নিদিয়াত শ-শ শ্ৰমিকে হাহাকাৰ কৰিব লগা হৈছে৷ শ্ৰম কৰি মজুৰি নোপোৱাত হাহাকাৰ কৰা শ্ৰমিকে মজুৰি বিছাৰি আৱেদন কৰি অহাৰ পিছতো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে টি কে ইঞ্জিনিয়াৰিং কনচ’ৰটিয়াম প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ বিৰুদ্ধে৷
ৰাষ্ট্ৰীয় ঘাইপথ পুণৰ মেৰামতি তথা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ নিৰ্মাণৰ ঠিকা লাভ কৰা কোম্পানীটোৱে শ্ৰমিকক ঠগ-প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ কোম্পোনীত কাম কৰা শ্ৰমিকসকলে জাঙুৰ খাই উঠিছে কোম্পানী কৰ্তৃপক্ষৰ বিৰুদ্ধে৷ ৰাষ্ট্ৰীয় ঘাই পথৰ নগাঁও জিলাৰ উৰিয়া গাঁঁও-কলিয়াবৰ অংশত কাম কৰা শ্ৰমিকে পাৰিশ্ৰমিক বিছাৰি আৱেদন কৰি অহাৰ পিছতো গুৰুত্ব প্ৰদান নকৰাত শনিবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধৰ ঘোষণা কৰিছিল নগাঁৱৰ পৰা কলিয়াবৰ সংযোগী চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ কাম৷