নগাঁৱৰ বিশ্বজিৎ খাউণ্ড এবিভিপিৰ প্ৰকাশন আৰু সাহিত্য প্ৰমুখ নিৰ্বাচিত

Home ৰাজ্যনগাঁৱৰ বিশ্বজিৎ খাউণ্ড এবিভিপিৰ প্ৰকাশন আৰু সাহিত্য প্ৰমুখ নিৰ্বাচিত

নগাঁৱৰ বিশ্বজিৎ খাউণ্ড এবিভিপিৰ প্ৰকাশন আৰু সাহিত্য প্ৰমুখ নিৰ্বাচিত

by News Desk
49 views
A+A-
Reset

নগাঁওঃ শাসকীয় বিজেপি দলৰ ভাতৃ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এবিভিপিৰ অসম প্ৰদেশৰ প্ৰকাশন আৰু সাহিত্য প্ৰমুখ নিৰ্বাচিত হৈছে নগাঁও এগৰাকী যুৱ নেতাই৷ নগাঁও জিলাৰ বিস্তাৰক বিশ্বজিৎ খাউণ্ডে তিনিচুকীয়া জিলাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ খেলপথাৰত সোমবাৰে সামৰণি পৰা এবিভিপিৰ ২৩ তম ৰাজ্যিক অধিবেশনত ছাত্ৰ সংগঠনটোৰ ৰাজ্যিক সমিতিৰ সৰ্বসন্মতিক্ৰমে অসম প্ৰদেশৰ প্ৰকাশন আৰু সাহিত্য প্ৰমুখ নিৰ্বাচিত হয়৷

গুৰুত্বপূৰ্ণ পদত অধিস্থিত কৰাত নগাঁৱৰ লোকে শুভেচ্ছা যাচে৷ তদুপৰি গঠিত ৰাজ্যিক সমিতিখনত নগাঁৱৰ চামগুৰি শাখাৰ লক্ষ্মীৰঞ্জন কাকতি যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে বটদ্ৰৱা শাখাৰ সম্পাদক নিলোৎপল শইকীয়া, নগাঁও নগৰ শাখাৰ ৰিপুঞ্জয় কলিতা আৰু ৰূপশ্ৰী গগৈক ৰাজ্যিক কাৰ্যনিবাহক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়৷ উল্লেখ্য, সৰ্বভাৰতীয় ছাত্ৰ সংগঠন এবিভিপিৰ ৰাজ্যিক সমিতিত বিশ্বজিৎ খাউণ্ডৰ লগতে আন চাৰিজন নগঞাই গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাত নগাঁৱত উৎসাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0