গহপুৰঃ চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলক অনলাইন ব্যৱস্থাৰে জৰিত কৰাৰ উদ্দেশ্যে প্ৰচেষ্টা চলাই থকা পৰিলক্ষিত হৈছে৷ নগদ বিহীন লেন-দেন কৰাৰ উদ্দেশ্যে শ্ৰমিকসকলক অনলাইন দৰমহা দিবৰ বাবে বেংক একাউন্ট খুলি দিয়া পৰিলক্ষিত হৈছে৷
বিশ্বনাথ জিলাৰ গহপুৰৰ নয়া ঘগৰা চাহ বাগিচাত মঙলবাৰে শ্ৰমিকসকলক বেংক ব্যৱস্থাৰে সংযুক্ত হোৱা শ্ৰমিকসকলৰ উপস্থিতিত এখন সজাগতা সভা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে চৰকাৰৰ ‘ধন পুৰস্কাৰ মেলা’ আঁচনিৰ জৰিয়তে চাহ শ্ৰমিকসকলক পত্ৰ প্ৰদান কৰে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই।