নলবাৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ তামুলপুৰতো নিখিল বড়ো ছাত্র সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি বিশেষ অধিবেশন পালন কৰা হয়৷ ৮ আৰু ৯ জানুৱাৰীত তামুলপুৰ আঞ্চলিক এবছুৰ ৩০ সংখ্যক আৰু মাদাৰবাৰী এবছুৰ ২৬ সংখ্যক অধিবেশন কেন্দ্ৰীয় সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা হয়৷
মাদাৰবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত অধিবেশনৰ মঙলবাৰে বানেশ্বৰ বড়োৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়৷ তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ সভাপতি নীলকমল বসুমতাৰীয়ে উদ্ধোধন কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এবছুৰ কেন্দ্রীয় উপ-সভাপতি ৰোমিও পি নাৰ্জাৰী, বড়ো উইমেন জাষ্টিছ ফৰামৰ অধ্যক্ষা ড০ অঞ্জালী দৈমাৰী উপস্থিত থাকে৷ মুকলি সভাত বক্তাসকলে সুকীয়া ৰাজ্যৰ দাবী সন্দৰ্ভত মাতামত ব্যক্ত কৰি সুকীয়া ৰাজ্য অবিহনে বড়ো সজাতি ক্ষান্ত নহয় বুলি কয়৷