গোলকগঞ্জঃ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো গণৰাজ্য দিৱস পালনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ গণ ৰাজ্য দিৱস পালনৰ বাবে ধুবুৰী জিলাতো ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ বুধবাৰে ধুবুৰী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত অনন্ত লাল জ্ঞানীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।
সভাত আৰক্ষী অধীক্ষক লংনিট টেৰাং, জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়া, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পূৰবী কোৱঁৰ, স্থানীয় বিশিষ্ট নাগৰিক, সীমান্ত সুৰক্ষা বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী বাহিনীৰ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷