ৰঙিয়াঃ অসম ৰেলযাত্ৰী সংস্থাই ৰাইজৰ বাবে দাবী কৰিছে নুতন ৰেল৷ সৰভোগৰ পৰা এখন নতুন যাত্ৰীবাহী ৰেল দাবী কৰিছে ৰাইজৰ সহায়ৰ বাবে৷ পুৱা ৮-৩০ বজাত গুৱাহাটী পোৱাকৈ ৰেল চলাচল কৰোৱাৰ দাবী উত্থাপন কৰিছে অসম ৰেলযাত্ৰী সংস্থাই৷
এক বিবৃতি যোগে সম্পাদক দীপংকৰ শৰ্মাই এই দাবী উত্থাপন কৰি সম্প্ৰতি ৰাজ্য চৰকাৰে দিনটোৰ কামৰ সময়সূচী পৰিৱৰ্ত্তন কৰি পুৱা ৯-৩০ বজালৈ আগুৱাই অনাত দূৰ দূৰনিৰ পৰা অহা চৰকাৰী কৰ্মচাৰীসকলে সোনকালে গুৱাহাটী পোৱাটো আৱশ্যক হৈ পৰিছে৷