গুৱাহাটীঃ প্ৰমিলাই কথা ক’লেই এতিয়া পয়মাল লাগে৷ কিছুদিন পূৰ্বে নিজৰ বিভাগৰ অশোক চক্ৰ সম্বলিত পেডত বাহিৰা লোক নিযুক্তি দি বিতৰ্কত সোমাই পৰা বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম পুনৰ সোমাই পৰিছে বিতৰ্কত৷
আপোন মানুহক বিভাগৰ হৈ কাম কৰাৰ দায়িত্ব দি বিতৰ্কত সোমাই পৰা মন্ত্ৰী প্ৰমিলাই এইবাৰ নিষিদ্ধ ঘোষিত বিদ্ৰোহী আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক মুকলি সমৰ্থন কৰি বিতৰ্কত সাঙোৰ খাইছে৷ লাগ-বান্ধ নোহোৱা মন্তব্যৰে সততে সংবাদ শিৰোনাম দখল কৰা প্ৰমিলাৰাণীয়ে মিত্ৰ দল বিজেপিৰ ৰাজ্যিক সভাপতিকো তুচ্ছ-তাচ্ছিল্য কৰিব এৰা নাছিল৷