ডিজিটেল ডেস্কঃ দেশৰ ইতিহাসত নজিৰ সৃষ্টি কৰি দেশৰ সৰ্বোচ্চ আদালতৰ চাৰিগৰাকী জ্যেষ্ঠ ন্যায়াধিশে শুকুৰবাৰে অনুষ্ঠিত কৰিলে এখন সংবাদমেল৷ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ জে চেলামেশ্বৰ, বি মদন লুকুৰ, কুৰিয়াণ যোচেফ আৰু ৰঞ্জন গগৈয়ে সংবাদ মেল অনুষ্ঠিত কৰি প্ৰশ্ন উত্থাপন কৰিলে উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনৰ বিৰুদ্ধে৷ চাৰিওগৰাকী ন্যায়াধীশে দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ৰ আভ্যন্তৰীণ প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে৷
শুকুৰবাৰে এক অসাধৰণ পৰিৱেশ দেখা গ’ল দেশত৷ দেশৰ ইতিহাসত প্ৰথম বাৰৰ বাবে দেশৰ উচ্চতম ন্যায়ালৰ ন্যায়াধীশে সংবাদ মেল অনুষ্ঠিত কৰি আভ্যন্তৰীণ প্ৰশাসন ব্যৱস্থাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰে৷ ন্যায়মূৰ্তি জে চেলামেশ্বৰ আৰু তিনিগৰাকী জ্যেষ্ঠ ন্যায়াধীশে ন্যায়তন্ত্ৰৰ সৈতে জড়িত বিভিন্ন বিষয়ত সংবাদ মেল যোগে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে৷ ন্যায়াধীশ জে চেলামেশ্বৰৰ বাস ভৱনত অনুষ্ঠিত হয় সংবাদমেল খন৷