খাৰুপেটীয়াঃ আমি নিজেই নিজৰ একো একোগৰাকী সংগী৷ তথাপিও কেতিয়াবা কেতিয়াবা মানুহে নিজকে প্ৰশ্ন কৰে আমাৰ জীৱনৰ প্ৰকৃত সংগী কোন। আপুনি যদি কিতাপ পঢ়ে তেন্তে নিসন্দেহে কব পাৰিব আমাৰ প্ৰকৃত বন্ধু হৈছে কিতাপ৷ গ্ৰন্থ হৈছে একোগৰাকী মানুহৰ জীৱন পৰিক্ৰমা স্বৰূপ৷ গ্ৰন্থ অধ্যয়ণ কৰি লাভ কৰি অভিজ্ঞতা, জ্ঞানে মানুহক সৰল, সহজ, চিন্তাশীল কৰি তোলে৷ মানুহক ভালপোৱাৰ, প্ৰকৃতিক ভালপোৱাৰ আদি পাঠ কিতাপে আনি দিব পাৰে৷
মনৰ পৰা বেয়া চিন্তা দুৰ কৰি মন সজীৱ কৰে গ্ৰন্থই৷ গ্ৰন্থ মানৱ জীৱনৰ বাবে অমূল্য সম্পদ৷ জীৱন, সত্য, বিশ্লেষণ সকলো আহৰণ কৰিব পাৰি গ্ৰন্থ অধ্যয়ণৰ জৰিয়তে৷ গল্প, প্ৰবন্ধ, ৰচনা, ইতিহাস, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ যেন ভৰাল একো একো খন কিতাপ৷ সাধু, জীৱনী, উপন্যাস, ভ্ৰমণ কাহিনী, ৰস ৰচনা, কবিতা, কুইজ, অনুবাদমূলক সাহিত্য সকলো জ্ঞ্ৰানৰ বৰঘৰ৷ ইংৰাজী সাহিত্যকে ধৰি বিশ্বৰ বিভিন্ন সাহিত্য, পৰম্পৰা, কলা, কৃষ্টি সোৱাদ লব পাৰি কিতাপৰ জৰিয়তে৷