কোকৰাঝাৰঃ বড়ো সাহিত্যৰ বিশিষ্ট সাহিত্যিক চিত্তৰঞ্জন মুছাহাৰীয়ে সকলোকে কন্দুৱাই চিৰদিনৰ বাবে আঁতৰি গ’ল অচিন দেশলৈ৷ মঙলবাৰে নিশা কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰীৰ বেলগুৰীৰ নিজ বাসগৃহত বাৰ্ধক্যজনিত ৰোগত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। বড়ো সাহিত্য জগতৰ উপন্যাস সম্ৰাট খ্যাত মুছাহাৰীয়ে মৃত্যুৰ সময়ত বয়স হৈছিল ৭৩ বছৰ।
বড়ো সাহিত্যৰ উপন্যাস সম্ৰাট চিত্তৰঞ্জন বসুমতাৰীয়ে দীৰ্ঘদিনৰ পৰা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ বিচনাৰ সংগী হৈ আছিল৷