ডিব্ৰুগড়ঃ প্ৰতিটো বাৰিষাই হাহাকাৰ কৰে তেওঁলোকে। আকাশৰ পৰা বৰষুণৰ টোপাল পৰাৰ পিছতে জলপৃষ্ঠ বৃদ্ধি হয় আৰু তেতিয়াই তেওলোকৰ অন্তৰে হাহাকাৰ কৰে। প্ৰতিটো বানে ভয়াৱহ ৰূপ ধাৰণ কোৰ লগে লগে তেওঁলোকৰ অন্তৰে কান্দে। ব্ৰহ্মপুত্ৰৰ নদীৰ লগতে উপনৈসমূহে ফেনে ফোটোকাৰে বাঢ়ি অহাৰ লগে লগে চৌদিশে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। জলমগ্ন হৈ বন্য জীৱ-জন্তুৰ দৰে পৰিৱেশ হয় তেওঁলোকৰ। তেওঁলোকৰ অন্তৰে কান্দে।
এসাজ ভাতৰ বাবে চকুলো টুকি সময় পাৰ কৰে। জীয়ৰি, বোৱাৰীয়ে বিপদত পৰে। সন্তানে স্কুলৰ পৰিৱৰ্তে টম্বুৰ তলত সোমাই ধ্বংসৰ আখৰা প্ৰত্যক্ষ কৰে। জীৱন নহয় যেন এখন সমাপ্ত নোহোৱা সংগ্ৰাম হে। এনে কষ্টকৰ জীৱন সহি শ-শ পৰিয়াল থাকে ডিব্ৰু-ছৈখোৱাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দধীয়াত। তেওঁলোকৰ ঘৰবোৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে কাহানিবাই উটুৱাই নিছে সপোন বোৰ। এতিয়া শিবিৰৰ বাসিন্দা তেওলোক।