আমগুৰিঃ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মাৰিলেও গ্ৰাম্য অঞ্চলত আজিও স্বাস্থ্য থণ্ডৰ পয়ালগা অৱস্থাই সাধাৰণ লোকক হাহাকাৰ কৰিব লগা পৰিৱেশৰ সৃষ্টি কৰে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উত্তৰণৰ সম্পৰ্কে চৰকাৰে যিমানেই ঢাক-ঢোল নবজাওঁক কিয়, স্বাস্থ্যখণ্ডৰ প্ৰকৃত ছবিখন কিন্তু সঁচাকৈয়ে পুতৌজনক। বিশেষকৈ গ্ৰাম্য অঞ্চলত বহু লোকে নিশাটো দূৰৰ কথা দিনতে চিকিৎসক-এম্বুলেঞ্চ বিছাৰি হাহাকাৰ কৰিব লাগ হয়৷
আন বিভাগৰ দৰে চিকিৎসা ক্ষেত্ৰতো বিভিন্ন আঁচনিৰ ঘোষণা কৰা হয়৷ প্ৰকৃততে কিমানে এনে আঁচনিৰ পৰা উপকৃত হ’ব পাৰিছে তাৰ প্ৰশ্ন উত্থাপন হৈ আহিছে৷ বুধবাৰে শিৱসাগৰ জিলাৰ আমগুৰিৰ দোপদৰত সংঘটিত হয় মটৰ চাইকেল দুৰ্ঘটনা।