বিহালীঃ অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক বুধবাৰে ৰাজ্যবাসীয়ে স্মৰণ কৰে৷ ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিচাত জন্ম গ্ৰহণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্মৰাজীক শ্ৰদ্ধা যাচ অসমৰ দল-সংগঠনে৷
গীতিকাৰ, নাট্যকাৰ, লেখক আৰু অসমৰ প্ৰথমগৰাকী বোলছবি নিৰ্মাতা আগৰৱালাই ১৯৫১ চনৰ ১৭ জানুৱাৰীত মৃত্যুক আকোৱালি লৈছিল৷ ১৯৩৫ চনত প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ নিৰ্মাণ কৰি ইতিহাস ৰচনা কৰাৰ লগতে অসমীয়া ছবিজগতৰ সোণালী অধ্যায় আৰম্ভ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বুধবাৰে ৬৭ সংখ্যক মৃত্যুবাৰ্ষিকী৷