ডিব্ৰুগড়ঃ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক প্ৰয়ায়ৰ ক্ৰীড়া সংগঠকসকলৰ সোঁৱৰণত অহা ১৮-২৩ জানুৱাৰীত ডিব্ৰুগড় জিলাৰ চাবুৱাত অনুষ্ঠিত হ’ব সদৌ অসম আন্তঃ একাডেমী ১৩ বছৰ অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতা আৰু শিশু ফুটবল সমাৰোহ।
গ্ৰাম্য অঞ্চলৰ নতুন প্ৰজন্মক খেল পথাৰৰ সৈতে জৰিত কৰাৰ উদ্দেশ্যে ইউনাইটেড চাবুৱা ফুটবল একাডেমীয়ে দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত কৰিব লগা প্ৰতিযোগিতাত ২২ দলে অংশ লব৷ চাবুৱাৰ গ্ৰাম্য অঞ্চলৰ অগ্ৰদূত, বামচোমনি, গন্ধিয়া, কাঁজিখোৱা আৰু ত্ৰিনয়নজ্যোতি সংঘৰ খেলপথাৰত অনুষ্ঠিত হ’ব।