ডিব্ৰুগড়ঃ ৰাজ্যৰ কৃষকসকল সদায় লাঞ্চিত-বঞ্চিত৷ কৃষকসকলে উৎপাদিত সামগ্ৰীৰ উচিচ মূল্য নোপোৱাৰ লগতে চৰকাৰ প্ৰদান কৰা আঁচনি বিভিন্ন আঁচনিৰ পৰা বঞ্চাত হয় ৰাজ্য খনৰ কৃষকসকল৷ তাৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে কৃষকক বঞ্চিত কৰাৰ এক ভয়াবহ খবৰ৷ ভুৱা নথি পত্ৰৰে কৃষকক ঋণ প্ৰদানৰ নামত ডিব্ৰুগড় জিলাৰ এটা অজ্ঞাত স্বেচ্ছাসেৱী অনুষ্ঠানে লাখ লাখ টকা লুটি নিয়াৰ অভিযোগ উত্থাপন হৈছে। তথাকথিত এন জি অৰ প্ৰৱঞ্চনাৰ বলি হৈছে ডিব্ৰুগড়ৰ বহু কৃষকে।
দৰিদ্ৰ কৃষকৰ একাউন্টৰ পৰা এন জি অই লাখ লাখ টকা লুটি নিয়াৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । কৃষকৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি থকা বুলি দাবী কৰা ‘কৃষক’ নামৰ তথাকথিত বে-চৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠানৰ সভাপতি ভুৱন গগৈ আৰু এইচ ডি এফ চি বেংকৰ কৰ্মচাৰী লোহিত গগৈয়ে মিলি জিলাখনৰ ৮০গৰাকী কৃষকৰ প্ৰায় ৩ কোটি ২০ লাখ টকা আত্মাসাত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বৃহস্পতিবাৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত একাংশ কৃষকে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে৷