ৰঙিয়াঃ শ-শ উদণ্ড লোকে এটি অসহায় দৰিদ্ৰ পৰিয়ালক আক্ৰমণ কৰি ঘৰ-দোৱাৰ ভাঙি পেলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কামৰূপৰ ৰঙিয়াত৷ অমানবীয় ভাবে আক্ৰমণ কৰি গৃহহাৰা কৰে এটি পৰিয়ালক৷ পৰিয়ালটোৰ লোকসকলে হাহাকাৰ কৰিব লগা হৈছে৷ সভ্য সমাজত এটি দৰিদ্ৰ পৰিয়ালক বৰ্বৰ আক্ৰমণ কৰা ঘটনাক সহজে লব পৰা নাই ৰাইজে৷ দৰিদ্ৰ পৰিয়ালকটোক শ-শ লোকে সমবেত হৈ আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰঙিয়াত৷
ৰঙিয়া চহৰৰ সমীপৰ দদতিয়াত গৰু চুৰি কৰাৰ অভিযোগ উত্থাপন কৰি ঘৰ-দোৱাৰ ভাঙি ধ্বংস কৰি পেলায়৷ যি দৃশ্য চকুৰে চালে বিশ্বাস কৰিব টান লাগে৷ সভ্য সমাজত সুস্থ মানুহে এনেদৰে বৰ্বৰ ভাৱে আক্ৰমণ কৰাত সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ তিনিখন গাঁৱৰ একাংশ লোকে এটি পৰিয়ালৰ ৬টাকৈ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে৷ কামৰূপ-নলবাৰী জিলাৰ সীমান্তৰ দদতিয়াত গৰু চুৰি কৰাৰ অভিযোগ উত্থাপন কৰি এটা পৰিয়ালৰ ৬টাকৈ বাসগৃহ ভাঙি পেলোৱাৰ লগতে পৰিয়ালটোৰ সকলোবোৰ সামগ্ৰী ভাঙি পেলায়৷