তুলসীবাৰীঃ কামৰূপৰ ১নং তুলসীবাৰী নিবাসী অৱসৰ প্ৰাপ্ত কৃতী শিক্ষক হৰেন্দ্ৰ নমঃশূদ্ৰ (৭৫)ৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে পুৱা মৃত্যুক আকোৱালি লয়৷ তুলসীবাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা ২০০৪ চনত অৱসৰ গ্ৰহণ কৰা শিক্ষকগৰাকীয়ে শেহতীয়াকৈ বেচৰকাৰী বিদ্যালয় বিদ্যাজ্যোতি শিশু নিকেতনত প্ৰধান শিক্ষক হিচাপে কাম কৰি আছিল৷
বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে মৃত্যুৰ আগমুৰ্তলৈকে জড়িত আছিল তেওঁ৷ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগে সমগ্ৰ তুলসীবাৰী অঞ্চলত শোকৰ ছাঁ পৰে৷ ৰঙিয়া মহকুমা অনুসুচিত জাতি উন্নয়ন পৰিষদৰ সভাপতি তথা তুলসীবাৰী এপল’ মিলৰ অন্যতম প্ৰতিস্থাপক প্ৰয়াত নমশূদ্ৰ বৈদ্যগড় হাইস্কুল, তুলসীবাৰী গৰখীয়া গোপাল মাৰলী থান, তৰণী বাৰোৱাৰী ৰাসমহোৎসৱ, অসম উন্নতি সভা, মিলনজ্যোতি মধ্যইংৰাজী বিদ্যালয় আদিকে ধৰি স্থানীয় ভালেমান ৰাজহুৱা অনুষ্ঠন-প্ৰতিষ্ঠানৰ সৈতে মৃত্যুৰ আগমুহূৰ্তলৈ সক্ৰিয় ভাৱে জড়িত হৈ আছিল।