তেজপুৰঃ উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাই ২০১০ চনৰ পৰা বিশিষ্ট লোকৰ সোঁৱৰণত বিভিন্ন বঁটা প্ৰদান কৰি আহিছে। বিগত বৰ্ষৰ দৰে এই বছৰতো সদ্যপ্ৰয়াত প্ৰফুল্ল শইকীয়াৰ নামতো বঁটা প্ৰদান কৰিব। ২০১৭-১৮ বৰ্ষৰ এই বঁটা প্ৰদান কৰিবৰ বাবে ১২ জন ব্যক্তিৰ নাম ঘোষণা কৰা হৈছে।
সেউজ গণশিল্পী উমাকান্ত বৰুৱা স্মাৰক বঁটা নাট্যকাৰ, সাংবাদিক পুলক কুমাৰ ডেকাক, নাট্যসম্ৰাট প্ৰফুল্ল বৰা স্মাৰক বঁটা নাট্যকাৰ পৰিচালক অৰ্পন বেজবৰুৱাক, দিলীপ চৌধুৰী স্মাৰক বঁটা দ্বিপেন বৰাক, সদ্য প্ৰয়াত শিল্পী পেঞ্চনাৰ প্ৰফুল্ল শইকীয়া স্মাৰক বঁটা বিশিষ্ট শিল্পী প্ৰমোদ বৰাক প্ৰদান কৰিব৷