লালুকঃ ২০১৭ বৰ্ষত প্ৰায় ৭০গৰাকী লোকৰ মৃত্যু হৈছে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে৷ তাৰ সমানে সমানে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে প্ৰায় ১৭টা হাতীৰ মৃত্যু হৈছে ৰাজ্য খনত৷ তাৰ পাছতো যেন বিদ্যুৎ বিভাগে শিক্ষা লোৱা নাই৷ বিভাগটোৰ কৰ্মচাৰীয়ে সজাগ নোহোৱাৰ ফলত এইবাৰ এটি কিশোৰ মৃত্যুমুখত পৰে৷
লখিমপুৰ জিলাত সংঘটিত হয় এই ঘটনা৷ হাতেৰে চুব পৰাকৈ তথা মাটিৰ পৰা কেই ফুটমান ওপৰেৰে টানি নিয়া উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰত লাগি মৃত্যু হয় কিশোৰৰ৷ মাটিৰ পৰা কিছু ওপৰেৰে টানি নিয়া বিদ্যুতৰ তাৰত লাগি এগৰাকী কিশোৰৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে লখিমপুৰ জিলাত৷